নগাঁওঃ মাৰাত্মক কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ হেতু সমগ্র দেশ তথা ৰাজ্যতে অব্যাহত থকা ২১ দিনীয়া লক ডাউনৰ ফলত বজাৰসমূহ বন্ধ হৈ থকাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলত বহু হেক্টৰ পাচলি খেতি বিনষ্ট হৈছে ৷ ফলত মুৰে কপালে হাত দিছে কৃষকসকলে৷ উল্লেখ্য, নগাঁৱৰ পশ্চিম প্ৰান্তৰ ডুমডুমীয়া, ধিং আৰু বটদ্ৰৱাৰ শাক পাচলিৰ বজাৰ কেইখন জিলাখনৰ ভিতৰতে বৃহত্তম পাইকাৰী বজাৰ হিচাপে পৰিচিত৷
উল্লেখ্য যে, পশ্চিম নগাঁৱৰ কৃষক সকলে ধান, মৰাপাট, সৰিয়হ আদিৰ উপৰি হাড়ভগা পৰিশ্ৰমেৰে শীত আৰু জহকালীন প্রতিবিধ শাক-পাচলি উৎপাদন কৰি স্থানীয় ৰাইজৰ লগতে চহৰাঞ্চলত প্রয়োজন পূৰণ কৰি আহিছে। জিলাখনৰ ডুমডুমীয়া, আলিটাঙনী, ধিং, বালিসত্র, কদমনি, জাজৰি, কুঁজি, দলংঘাট, বটদ্রৱা, টুকটুকী, ভোমোৰাগুৰি আদি অঞ্চলৰ উপৰিও চৰ-চাপৰি অঞ্চলৰ কৃষক সকলেও বিভিন্ন ধৰণৰ শাক পাচলি উৎপাদন কৰি ৰাইজৰ দৈনন্দিন জীৱনৰ প্রয়োজন পূৰন কৰাৰ ক্ষেত্রত যথেষ্ট অৰিহণা যোগাই আহিছে।