নগাঁওঃ মাৰাত্মক কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ হেতু সমগ্র দেশ তথা ৰাজ্যতে অব্যাহত থকা ২১ দিনীয়া লক ডাউনৰ ফলত বজাৰসমূহ বন্ধ হৈ থকাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলত বহু হেক্টৰ পাচলি খেতি বিনষ্ট হৈছে ৷ ফলত মুৰে কপালে হাত দিছে কৃষকসকলে৷ উল্লেখ্য, নগাঁৱৰ পশ্চিম প্ৰান্তৰ ডুমডুমীয়া, ধিং আৰু বটদ্ৰৱাৰ শাক পাচলিৰ বজাৰ কেইখন জিলাখনৰ ভিতৰতে বৃহত্তম পাইকাৰী বজাৰ হিচাপে পৰিচিত৷

উল্লেখ্য যে, পশ্চিম নগাঁৱৰ কৃষক সকলে ধান, মৰাপাট, সৰিয়হ আদিৰ উপৰি হাড়ভগা পৰিশ্ৰমেৰে শীত আৰু জহকালীন প্রতিবিধ শাক-পাচলি উৎপাদন কৰি স্থানীয় ৰাইজৰ লগতে চহৰাঞ্চলত প্রয়োজন পূৰণ কৰি আহিছে। জিলাখনৰ ডুমডুমীয়া, আলিটাঙনী, ধিং, বালিসত্র, কদমনি, জাজৰি, কুঁজি, দলংঘাট, বটদ্রৱা, টুকটুকী, ভোমোৰাগুৰি আদি অঞ্চলৰ উপৰিও চৰ-চাপৰি অঞ্চলৰ কৃষক সকলেও বিভিন্ন ধৰণৰ শাক পাচলি উৎপাদন কৰি ৰাইজৰ দৈনন্দিন জীৱনৰ প্রয়োজন পূৰন কৰাৰ ক্ষেত্রত যথেষ্ট অৰিহণা যোগাই আহিছে।

আনকি উক্ত অঞ্চলবোৰৰ পৰাই দৈনিক প্রায় দহ ট্রাক শাক পাচলি উজনি অসমৰ শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্রুগড়, গোলাঘাট আদি জিলালৈ সৰবৰাহ কৰি থকা হৈছে৷ সেয়ে কৃষক সকলে উচ্চ হাৰত উন্নত মানৰ বীজ ক্রয় কৰা, বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক ক্রয় কৰি বহু কষ্টৰে কৃষিকাৰ্য সম্পাদন কৰি আহিছে৷ তদ্ৰুপ এইবাৰো এই কষ্টসহিষ্ণু কৃষকসকলে বহু আশাৰে জিকা, বেঙেনা, ভেন্দি, লেচেৰে মাহ, জলকীয়া, বিলাহী, কেৰেলা, স্কুৱাছ, ৰঙালাও আদি খেতি কৰিছিল যদিও বৰ্তমান চলি থকা লক ডাউনৰ বাবেই হাট-বজাৰ আদি বন্ধ থকাৰ লগতে দুৰ-দুৰণিলৈ সৰবৰাহ কৰাৰ ক্ষেত্ৰটো নিষেধাজ্ঞা আৰোপ কৰাত কৃষকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে৷

পূৰঠ হোৱা পাচলিবোৰ ছিঙিব নোৱাৰাত এইবোৰ গছতে শুকাই যোৱাৰ উপক্ৰম ঘটাৰ বিপৰীতে বহু পৰিমাণৰ পাচলি পথাৰতে গেলি-পচি গৈছে৷ ফলত এইদৰে বহু কষ্টৰে কৰা পাচলিবোৰ নষ্ট হৈ যাব ধৰাত কৃষকসকল দুশ্চিন্তাত পৰিছে৷ এইক্ষেত্ৰত  চৰকাৰে বিষয়টো অনুধাৱন কৰি তৎকালে এই কৃষকসকল উপকৃত হ’ব পৰাকৈ এক কাৰ্যকৰী পদক্ষেপ হাতত ল’বলৈ ভুক্তভোগী কৃষকসকলে অনুৰোধ জনাইছে৷