65
নগাঁওঃ হোজাই জিলাৰ কাকীত কনিষ্ঠ পুত্রৰ অত্যাচাৰত নিজ হাতে গঢ় দিয়া ঘৰত থাকিব নোৱাৰি বৃদ্ধ পিতৃ-মাতৃয়ে আনৰ ঘৰত আশ্ৰয় ল’ব লগা হোৱাৰ এক কৰুণ ঘটনাই সচেতন মহলক মৰ্মাহত কৰি তুলিছে।
কাকী মৌজাৰ অন্তৰ্গত ২ নং কাকীৰ দেউবালী গাঁও নিবাসী প্ৰফুল্ল নাথ (৮০) আৰু হোমেশ্বৰী দেৱী (৭০) নামৰ দুই বৃদ্ধ দম্পতীয়ে নিজৰ কনিষ্ঠ পুত্র সোনেশ্বৰ নাথৰ হাতত জীৱন হেৰুওৱাৰ ভয়ত প্ৰায় এবছৰৰ আনৰ ঘৰত আশ্ৰয় ল’বলগীয়া হৈছিল।