জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ফুলগুৰি ৰাইজমেল ভৱনত দেওবাৰে দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ফুলগুৰি শাখা ছাত্ৰ সন্থাৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠানটি সফলতাৰে অনুষ্ঠিত কৰা হয়৷ 

বিশিষ্ট শিক্ষাবিদ লৱকান্ত শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙে৷ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি পংকজজ্যোতি বৰাই আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ উপযোগী সাৰুৱা ভাষণ প্ৰদান কৰে৷ 

ছাত্ৰ নেতা মৃদুল বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনিত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মৃদুল হাজৰিকা, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া, সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকন, সাংগঠনিক সম্পাদক মনোজ দাস, তথ্য সম্পাদক নিপন শৰ্মা, প্ৰচাৰ সম্পাদক ভাস্কৰ বৰা, প্ৰাক্তন ছাত্ৰ নেতা বিনয় কাকতি, নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ পাটৰ, জাজৰি প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত মুদৈ, বেবেজীয়া প্ৰেছ ক্লাবৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিমান বৰকাকতি, শিক্ষা সম্পাদক জোনটি মাগৰ বৰদলৈ, ঋতুপৰ্ণ শৰ্মাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে৷ 

উক্ত সভাতে দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ এলেকাধীন বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয় তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা পাঁচ কুৰি কৃৰ্তী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়৷