জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ফুলগুৰি ৰাইজমেল ভৱনত দেওবাৰে দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ফুলগুৰি শাখা ছাত্ৰ সন্থাৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠানটি সফলতাৰে অনুষ্ঠিত কৰা হয়৷
বিশিষ্ট শিক্ষাবিদ লৱকান্ত শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙে৷ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি পংকজজ্যোতি বৰাই আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ উপযোগী সাৰুৱা ভাষণ প্ৰদান কৰে৷