newsnextone.com | নগাঁওঃ প্ৰধানমন্ত্ৰীৰ ডিঙিত গামোচা প্ৰত্যক্ষ কৰি কিছুমাধ্যমে এনদৰে খবৰ প্ৰকাশ কৰিছে যেন অসমীয়া জাতিৰ ভাগ্যহে উদয় হ’ল৷ এতিয়াৰ পৰা দিল্লীৰ পৰা পাবলৈ যেন প্ৰতিবাদ কৰিব নালাগিব৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা একেটা দল বিজেপিৰ নেতাই কাৰ্বি আংলঙত কাৰ্পেটৰ ওপৰত গামোচা পাৰি থিয় হৈ যোগাসন কৰে৷ সেই ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷

আনহাতে পুনৰ আন এখন ফটো ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে৷ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাক নগাঁৱৰ খাগৰিজানত এগৰাকী বিষয়াই অপমান কৰা বুলি অভিযোগ উত্থাপিত হয়৷ খাগৰিজান উন্নয়ন খণ্ডৰ বৰভেটি গাঁও পঞ্চায়তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত যোগাসন কৰাৰ নামত পঞ্চায়তটোত এনেদৰে ভৰিৰ তলত গামোচা পাৰি অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে একাংশ লোকে৷ বৰভেটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত NRCৰ কামত নিয়োজিত চৰকাৰী বিষয়াই এনে কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে৷