63
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী হাতীচোং মৌজাৰ অন্তৰ্গত চমুৱাগাঁও নিবাসী ধৰ্মপ্ৰাণ মহিলা কমলেশ্বৰী দেৱীৰ ১১ এপ্ৰিলৰ বিয়লি ৩ বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি হয়।
৭২ বছৰীয়া ধৰ্মপ্ৰাণ মহিলা গৰাকী কিছুদিনৰপৰা উচ্চৰক্তচাপ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। আমাৰ অসম কাকতৰ বেবেজীয়াৰ স্থানীয় সংবাদদাতা গকুল ভাৰতীৰ মাতৃ কমলেশ্বৰী দেৱীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে তেখেতৰ বাসগৃহত অগণন গুনমুগ্ধই শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰে।