নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্ম বিজড়িত ঐতিহাসিক শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্রজেন কাকতিয়ে শুকুৰবাৰে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ এখনি নিৰ্বাচনী সভাত বি জে পিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অংশগ্ৰহণ কৰা বটদ্ৰৱা সমষ্টিৰ কপাহেৰা খেলপথাৰত বিয়লি অনুষ্ঠিত বি জে পিৰ সভাখনত থানখনৰ সাধাৰণ সম্পাদক কাকতিয়ে ভাষণ দি কংগ্ৰেছ আৰু অ গ পক ক্ষুৰধাৰ সমালোচনা কৰা কাৰ্যই সচেতন মহলৰ মাজত ব্যাপক চৰ্চা লাভ কৰাৰ লগতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।