Home ৰাজ্যউৎসাহহীন পৰিবেশত কাইলৈৰ পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

উৎসাহহীন পৰিবেশত কাইলৈৰ পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

by News Desk
55 views
A+A-
Reset

নগাঁওঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধানকে প্ৰমুখ্য কৰি প্ৰতি জিলাৰ উপাযুক্ত, আৰক্ষী অধীক্ষকসহ বিভিন্ন উচ্চ পদস্ত বিষয়াই বিদ্যালয়ে বিদ্যালয়ে শ্ৰেনীকোঠাত পাঠদান প্ৰক্ৰিয়াত অংশগ্ৰহনেৰে বিগত বৰ্ষত গুণোৎসৱৰ জৰিয়তে গুণগত মানদণ্ড নিৰূপন কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিছিল যদিও বাস্তৱ ক্ষেত্ৰত শিক্ষা বিভাগে আজিকোপতি বিদ্যালয়সমূহৰ আন্ত:গাঁথনিৰ উন্নয়ন, অভাৱ-অভিযোগ তথা বিভিন্ন সমস্যাসমূহ সমাধান কৰাত তিলমানো গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল ৷ যাৰ বাবেই বিগত বৰ্ষৰ গুণোৎসৱত ৰাজ্যখনৰ বিভিন্ন পৰ্যায়ৰ বিষয়াকে ধৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত যি ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছিল সেই স্পৃহা, উৎসাহ উদ্দীপনা চলিত বৰ্ষৰ গুণোৎসৱত একেবাৰে পৰিলক্ষিত হোৱা নাই ৷ কাৰণ,বিগত গুণোৎসৱত বিদ্যালয়সমূহৰ মান নিৰূপণ কৰি প্ৰচাৰৰ ক্ষেত্ৰত ব্যাপক গুৰুত্ব আৰোপ কৰিলে যদিও শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন সমস্যা সমাধান নিমিত্তে শিক্ষা বিভাগে কোনো পদক্ষেপেই গ্ৰহন নকৰিলে ৷ ইয়াৰ পৰিণতিত গুণোৎসৱে নিজৰ নিজৰ বিদ্যালয়সমূহলৈ এক আমূল পৰিবৰ্তন আনিব বুলি আশা কৰি থকা বিষয়া-শিক্ষক সমাজ সম্পূৰ্ণভাৱে আশাহত হ’ল ৷ 

উল্লেখযোগ্য যে,তদানীন্তন শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্বভাৱসূলভ ভাৱে গুণোৎসৱৰ জৰিয়তে অসমৰ বিদ্যালয়সমূহে এক নতুন পৰিচয় লাভ কৰিব বুলি ঢাক-ঢোল বজাই ব্যাপক প্ৰচাৰ চলাই বাহ বাহ লৈছিল যদিও অন্যটো বাদেই ‘এ প্লাচ’ গ্ৰেড পোৱা বিদ্যালয়সমূহকো পুৰস্কাৰ হিচাপে ঘোষনা কৰা ২৫ হেজাৰ টকাৰ ফুটাকড়ি এটাও আজিলৈকে দিয়া নহ’ল ৷ প্ৰাপ্ত তথ্য মতে, নগাঁও জিলাত  বিগত বৰ্ষৰ গুণোৎসৱত ৯ টা শিক্ষাখণ্ডত মুঠ ১৭৪ খন বিদ্যালয়ে ‘এ প্লাচ’ গ্ৰেড লাভ কৰি চৰকাৰী পুৰস্কাৰ হিচাপে ২৫ হেজাৰ টকা লাভ কৰাৰ লগতে চৰকাৰী উচ্চ পদস্থ বিষয়া আদিয়ে বিদ্যালয় পৰিদৰ্শন কৰি সকলোকে উৎসাহ যোগাব বুলি গোটেই বছৰটো বাট চাই ৰ’ল যদিও দূৰ্ভাগ্যজনকভাৱে আজিৰ তাৰিখলৈকে নাপালে ঘোষিত ধন তথা বিদ্যালয় পৰিদৰ্শণৰ বাবে নাহিল এজনো বিষয়া ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0