45
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ কদমনি নিবাসী তথা কদমনি ছিনিয়ৰ মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক হাজী হাফিজ উদ্দিন আহমেদৰ বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত কৰ্কট ৰোগত আক্ৰান্ত হৈ নিজা বাসগৃহত দেহাৱসান ঘটে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ। উল্লেখ্য যে, আহমেদে ২০১০ চনত কদমনি ছিনিয়ৰ মাদ্ৰাছাৰপৰা অৱসৰ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত তেওঁ নগাঁও জিলা আদালতত অধিবক্তা হিচাপে কৰ্মৰত হৈ দুখীয়া ৰাইজৰ সেৱা আগবঢ়াই আহিছিল।