নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক প্ৰয়াত হলধৰ মূদৈৰ এক আবক্ষ মূৰ্তি দেওবাৰে বিদ্যালয়খনৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷
এই মৰ্মে, বিদ্যালয় প্ৰাংগণত আয়তিৰ উৰুলি আৰু গায়ন-বায়নৰ গুৰুঘাটৰ মাংগলিক ধ্বনিৰ মাজেৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শিক্ষাযোগীগৰাকীৰ আবক্ষ মূৰ্তিভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰে শংকৰী সংস্কৃতিৰ বিশিষ্ট গবেষক ড° নৰেন কলিতাই৷ আবক্ষ মূৰ্তি উন্মোচন কৰি ড° কলিতাই কয় যে, হলধৰ মূদৈ আছিল গুনীৰো গুনী মানৱপ্ৰেমী মানুহ৷ স্বাধীনোত্তৰ কালতে ১৯৪০ চনৰ ৩ মাৰ্চত হলধৰ মূদৈয়ে আৰম্ভ কৰা এই বিদ্যা মন্দিৰে সগৌৰৱেৰে হীৰক জয়ন্তী গৰকি সমগ্ৰ অঞ্চলটোক শিক্ষাৰ পোহৰ বিলাই আহিছে৷ সেয়ে হলধৰ মূদৈৰ দৰে মহান ব্যক্তিসকল মৰিও অমৰ৷