48
জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ কিছু নিলগৰ ৰহা থানাৰ এলেকাধীন পশ্চিম শালমৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে পুৱা প্ৰায় চাৰে পাঁচ বজাত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়৷
জানিব পৰা মতে পথৰ কাষত ৰৈ থকা এ এছ-০৯-জিচি ২৯৩৩ নম্বৰৰ নৈশ বাছখনক এখন অচিনাক্ত তীব্ৰবেগী ট্ৰাকে পিছফালৰপৰা প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়৷ ফলত থিতাতে নিহত হয় নৈশ বাছখনৰ চালক আৰু হেণ্ডিমেন৷