জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়৷ এই মৰ্মে বিয়লি এক বজাৰপৰা হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনি ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়৷
গুণীন শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক হিৰণ্য জ্যোতি বৰাই৷ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক নিপন শৰ্মাই আঁত ধৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীন চন্দ্ৰ শৰ্মাই অংশগ্ৰহন কৰি ছাত্ৰ-ছাত্ৰীসকলে কিদৰে উচ্চ শিক্ষাৰ বাবে বিভিন্ন পাঠ্যক্ৰমত অধ্যয়ন কৰিব লাগে সেই সন্দৰ্ভত সাৰমৰ্ম ভাষণ আগবঢ়ায়৷