Home ৰাজ্যহাতীচোং কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ আধিপত্য

হাতীচোং কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ আধিপত্য

by News Desk
A+A-
Reset
dhekikhjowa_namghar_assam

newsnextone.com।নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ শনিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলত ছাত্ৰ একতা সভাৰ প্ৰধান গুৰুত্বপূৰ্ণ তিনিটা পদত আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীক শোচনীয়ভাবে পৰাস্ত কৰি নিজৰ সুনাম অক্ষুন্ন ৰাখিবলৈ সক্ষম হয়৷ ঘোষিত ফলাফলত আছুৰ সমৰ্থিত প্ৰাৰ্থী যথাক্ৰমে সভাপতিৰ পদত বিশাল দাস,সাধাৰণ সম্পাদকৰ পদত কল্পজ্যোতি মেধী আৰু সহকাৰী সাধাৰণ সম্পাদকৰ পদত ৰিজাউল হুছেইন জয়ী হয়৷

ইয়াৰ বিপৰীতে আন পাঁচটা পদত এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়৷ এই প্ৰাৰ্থীকেইজন হৈছে সাংস্কৃতিক সম্পাদকৰ পদত মাধুৰ্য্য প্ৰতীম শইকীয়া,আলোচনী সম্পাদকৰ পদত সৌৰভ কুমাৰ বৰা,ক্ৰীড়া সম্পাদকৰ পদত পিন্সু বণিয়া,দুখীয়া পুঁজি সম্পাদকৰ পদত জ্ঞানজ্যোতি শইকীয়া আৰু ছাত্ৰ জিৰণি কোঠা সম্পাদকৰ পদত সত্যজিৎ হীৰা নিৰ্বাচিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0