জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ শেতালী চাৰিআলিৰ দিপালী বৰা নামৰ এগৰাকী নিঃকিন যুৱতীৰ ঘৰত কিছুদিনৰ পূৰ্বে এক দুষ্কাৰ্য সংঘটিত হৈছিল৷ খুব কষ্টৰে দুবেলা দুমুঠি খাই জীয়াই থকা দৰিদ্ৰ পৰিয়ালটোৰ ঘৰৰ চোতালৰ পকা ধানৰ মেজিত নিশা কোনো দুৰ্বৃত্তই জুই দি পিতৃহীনা দৰিদ্ৰ পৰিয়ালৈ অমানিশা নমাই আনিছিল৷
বিধৱা মাকৰ সৈতে থকা তিনিজনীয়া পৰিয়ালটোৰ দিপালীৰ ভায়েকটো মানসিকভাৱে বিকাৰগ্ৰস্ত৷ অবিবাহিত এই দুৰ্ভগীয়া দিপালীয়ে ঘৰৰ পদুলিতে একেবাৰে সৰুকৈ এখন দোকান দি ঘৰখন চলাই আছে৷ বুকুত হাজাৰটা দুখৰ বোজা লৈয়ো তাই কাৰো ওচৰত হাত নপতাকৈ মাক-ভায়েকক পোহপাল দি আহিছে৷