বটদ্ৰৱাৰ কপাহেৰা ষ্টেডিয়াম-ডুমডুমীয়া বালিসত্ৰ আৱাসিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ
নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সমষ্টিতে অসমীয়া জাতিৰ আত্মাটো লুকাই আছে। বটদ্রৱা সমষ্টিৰ সৰ্বাংগীন উন্নতি এই সমষ্টিৰ ৰাইজৰ স্বাধীকাৰ। আমাৰ বি জে পি চৰকাৰৰ এই সমষ্টিটো অসমৰ বিকাশৰ ক্ষেত্ৰত প্ৰথমটো সমষ্টি হওক। পাঞ্জাবৰ স্বৰ্ণ মন্দিৰ, কাশী, বৃন্দাবনৰ দৰে ভাৰতৰ সকলো জনগনে বটদ্ৰৱা দৰ্শন কৰিবলৈ আহক। বটদ্ৰৱাই অসমৰ প্ৰথম পৰিচয় হওক। এই ভাষ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিৰ কপাহেৰা ষ্টেডিয়াম আৰু ডুমডুমীয়া বালিসত্ৰ আৱাসিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ মাংগলিক অনুষ্ঠানৰ শুভাৰম্ভ কৰি মন্ত্ৰী ড° শৰ্মাই কয় যে বটদ্ৰৱাত শেহতীয়া ভাৱে উন্নয়ণৰ দিশত যিমান খিনি আগবাঢ়িছে, সেইয়া এখন নৃত্য নাটিকাহে চলি আছে -- সম্পূৰ্ণকৈ পূৰ্ণাংগ নাটকখন আৰম্ভ হ'বলৈ আৰু কেইদিনমান লাগিব।
চলিত এই বৰ্ষত গুৰুজনাৰ জন্মস্থানৰ উন্নয়নৰ বাবে এশ পঞ্চাশ কোটি টকা আগবঢ়োৱা হৈছে। বটদ্রৱাৰ ৰাইজৰ সপোনক বাস্তৱায়িত কৰি কপাহেৰাত দহ কোটি টকা ব্যয়ৰে এখনি আটকধুনীয়া বিজ্ঞানসন্মত খেল পথাৰ নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ লগতে ডুমডুমীয়া বালিসত্ৰত ত্ৰিশ কোটি টকা ব্যয়েৰেে এখনি আৱাসিক বিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হয়।
বটদ্রৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ পৌৰহিিত্যত অনুষ্ঠিত সভাত মন্ত্ৰীগৰাকীয়ে কয় যে ধিঙৰ কাগজকলটো পুনৰোজ্জীৱিত কৰাৰ বাবে চৰকাৰে চেষ্টা অব্যাহত ৰাখিিছে। মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি, ইউনিফৰ্ম, পাঠ্যপুথি, কনকলতা মহিলা সবলীকৰণৰ যোজনা, ষাঠি বছৰ উৰ্ধৰ সকলো লোকক বৃদ্ধ পেঞ্চন, বিধবা মহিলাৰ বাবে ২৫ হাজাৰ টকা অৰ্থ সাহায্য, দহ হাজাৰ কিল'মিটাৰ পথ পকীকৰণ সম্পূৰ্ণ হোৱা, ৬০ লাখ কৃষকক কৃষি সাাহায্য প্ৰদান আদি বিভিন্ন মমতাময়ী, কৰুনাময়ী, স্নেহময়ী আঁচনিৰে আমাৰ চৰকাৰে বিকাশৰ নিনাদ আৰম্ভ কৰিছে বুলি মন্তব্য কৰে।
সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, পালিত কুমাৰ বৰা, ব্ৰজেন কাকতি, অনিল শইকীয়া, মৰিগাঁৱৰ উপযুক্ত ঋতুৰাজ বৰা, গুলজাৰ হুুছেইন, তপন দাস, সীমা ৰেখা ভৰালী, দুলু মনি কলিতাকে প্ৰমুখ্য কৰি প্ৰায় পাঁচ সহস্ৰাধিক লোক উপস্থিত আছিল।
আনহাতে আজিৰ সভাতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ হৈ সভাপতি দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাকে প্ৰমুখ্য কৰি কাৰ্যনিবাহক সদস্যসকলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ফুলাম গামোচা, শৰাই, সম্বৰ্ধনা-পত্ৰৰে উচ্চ প্ৰশংসা কৰে।