নগাঁওঃ যোৱা ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাৰ অৱন্তিপুৰাত সন্ত্রাসবাদী সংগঠন জইচ-ই-মহম্মদে ভয়ংকৰ বিস্ফোৰণ ঘটাই ৪২ জনকৈ ভাৰতীয় জোৱানৰ প্ৰাণ কাঢ়ি নিয়া ঘটনাৰ প্ৰতিবাদত সোমবাৰে জাজৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

জাজৰি আঞ্চলিক শতদল শাখা সাহিত্য সভা, জাজৰি প্ৰেছ ক্লাব, জাজৰি থানা গাঁওৰক্ষী বাহিনী, জাজৰি বাছ আস্থান ব্যৱসায়ী সন্থা আদি বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিৰ উপষ্ঠিতিত সন্ধ্যা ৫ বজাত বন্তি, চাকি আৰু মম প্ৰজ্বলিত কৰি বীৰ শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰে।

অনুষ্ঠানত সকলোৱে একে মুখে পুলৱামাৰ বৰ্বৰ ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু সেই একে অনুষ্ঠানতে সদ্য প্ৰয়াত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ঠ অভিনেতা, নাট্যশিল্পী জ্ঞানদা বৰা, ভ্ৰাম্যমান থিয়েটাৰৰ নেপথ্য শিল্পী তথা জাজৰি মাজগাঁৱৰ নিৰ্বাসী লীলা শইকীয়া আৰু জাজৰি ঢলপুৰীয়া নিৰ্বাসী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষীৰাম বৰাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি সকলোৰে হৈ এক মিনিট সময় ভগৱানৰ ওচৰত মৌন প্ৰাৰ্থনা জনোৱা হয়।