নগাঁওঃ সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি চলি আছে পৰীক্ষাকেন্দ্ৰীক চৰম ব্যস্ততা৷ পুৰাদ্দমে প্ৰস্তুতি চলিছে বিভিন্ন স্তৰৰ গুৰুত্বপূৰ্ণ পৰীক্ষাবোৰৰ৷ এক কথাত বৰ্তমান ৰাজ্যত অব্যাহত আছে পৰীক্ষাৰ বতৰ৷ উল্লেখ্যযে, চলিত মাহৰ দ্বিতীয় সপ্তাহৰপৰা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ একেলগে অনুষ্ঠিত হ’ব৷ তদুপৰি আছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক পৰ্যায়ৰ বিভিন্ন স্তৰৰ পৰীক্ষাসমূহ৷
কাজেই,ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যয়ণক লৈ বৃদ্ধি পাইছে পৰীক্ষাকেন্দ্ৰীক অপৰিসীম ব্যস্ততা৷ বিদ্যালয় অথবা মহাবিদ্যালয়ৰ এই স্তৰসমূহ সুকলমে পাৰ কৰিব পাৰিলেহে অৰ্থাৎ এই পৰীক্ষাবোৰত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ’লেহে ছাত্ৰ-ছাত্ৰীসকলে এটা নিৰ্দিষ্ট লক্ষ্যৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে অগ্ৰসৰ হ’ব পাৰে৷ সেয়ে এই পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বহুদিনৰ আগৰে পৰা এটি খুব ভাল ফলাফল লাভৰ আশাৰে যুদ্ধংদেহী মনোভাবেৰে মনপুতি পঢ়া-শুনা কৰি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে৷