newsnextone.com | নগাঁওঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ তিনিজনকৈ শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত প্ৰথম দহটা স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ নগাঁও চহৰৰ কাৱৈমাৰীস্থিত নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰ পৰা বিগত বৰ্ষৰ দৰে এইবাৰো এগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে৷
ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হোৱা মেধাবী ছাত্ৰীগৰাকী হৈছে ৰাজশ্ৰী নন্দিনী কাকতি৷ কৃৰ্তীমানে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ মুঠ ৫৯০ নম্বৰ লাভ কৰিছে৷