76
জয়ন্ত মুদৈ, নগাঁওঃ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নগাঁৱে সন্তুোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷
ৰাজ্যৰ ভিতৰত প্ৰথম দহটা স্থানৰ জিলাখনৰ অভিলেখ সংখ্যক সাতগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিগত দুটা বৰ্ষৰ তুলনাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰো যথেষ্ট উন্নত৷ এইবাৰ জিলাখনৰপৰা পৰীক্ষাত অৱৰ্তীণ হোৱা সৰ্বমুঠ ২৩,৫৯৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে মুঠ ১৩,২৯৪ গৰাকী পৰীক্ষাৰ্থী৷ উত্তীৰ্ণৰ হাৰ ৫৬.৩৪ শতাংশ৷