নগাঁওঃ সাধাৰণতে বিভিন্ন উৎসৱ-পাৰ্বণত বহু সামগ্ৰীৰ লগতে বিলাতী সুৰাই বেছ গুৰুত্ব লাভ কৰে ৰাজ্য খনত৷ ঘাইকৈ আধুনিকতাৰ গ্ৰাসত ককবকাই থকা ডেকাচামে উৎসৱ-পাৰ্বণ বুলিলেই সুৰাৰ চাহিদা দুগুণে বৃদ্ধি কৰে৷ যাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি একাংশ অসাধু সুৰা ব্যৱসায়ীয়ে উৎসৱৰ বতৰত অতি নিম্নমানৰ বিলাতী সুৰাৰ ৰমৰমীয়া বজাৰ নিৰ্বিঘ্নে গঢ়ি তুলি নৱ-প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দি আহিছে৷ 

সম্প্ৰতি ৰঙালী বিহুৰ আনন্দ-উছাহৰ গইনা লৈ নগাঁও জিলাটো সুবিধাবাদী চক্ৰই তেনে অবৈধ বিলাতী সুৰাৰ অবাধে ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত খবৰ মতে, জিলাখনৰ পশ্চিম প্ৰান্তৰ গ্ৰাম্য অঞ্চলত এখনো অনুজ্ঞাপত্ৰ থকা বিলাতী সুৰাৰ দোকান নথকাৰ অচিলা লৈ নগাঁও চহৰৰ এখন বহুল চৰ্চিত ৱাইন শ্ব’পৰ গৰাকীয়ে কৌশলেৰে গ্ৰাম্য অঞ্চলত সস্তীয়া বিলাতী সুৰাৰ বৃহৎ বজাৰ গঢ়ি তোলাৰ অভিযোগ উত্থাপিত হৈছে৷

মেনেজ মাষ্টাৰৰূপে খ্যাতি থকা সুৰা ব্যৱসায়ীজনে আনকি আবকাৰী বিভাগ আৰক্ষীৰ লগত গোপন বুজাবুজিৰে এই ব্যৱসায় নিৰ্ভয়ে গঢ়ি তোলাৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হৈছে৷ অভিযোগ মতে, ৱাইন শ্ব’পৰ গৰাকীয়ে আবকাৰী আৰু আৰক্ষীৰ ওপৰ মহলক হেলাৰঙে মেনেজ কৰি কলা বজাৰখনৰ জৰিয়তে পশ্চিম নগাঁৱৰ গ্ৰাম্য অঞ্চলৰ চুকে-কোনে প্ৰতি সপ্তাহত বহু লাখ টকাৰ বিলাতী সুৰা অবৈধভাবে বিক্ৰী হৈ আহিছে৷

আনকি এই বজাৰখনৰ দ্বাৰা অধিক মুনাফা লাভৰ স্বাৰ্থত সস্তীয়া তথা ভেজালকৃত সুৰা বাধাহীনভাবে বিক্ৰী কৰি অহাৰো অভিযোগ নোহোৱা নহয়৷ তেনে সুৰা সেৱন কৰি বিগত সময়ছোৱাত বহু যুৱক গুৰুত্বভাবে অসুস্থ হ’ব লগা হৈছে৷ কাৰণ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক সুৰা যদি আকৌ ভেজাল হয় তেন্তে ইয়াৰ পৰিণাম কি হ’ব পাৰে সেয়া সহজেই অনুমেয়৷ আনহাতে, নগাঁও চহৰস্থিত বিলাতী সুৰাৰ বিপণীখনৰ মালিকে একমাত্ৰ ব্যৱসায়িক স্বাৰ্থতে সকলো নীতি-নিয়ম পৰিহাৰ কৰি গ্ৰাম্যঞ্চলৰ একাংশ বছা বছা এজেণ্টক তেনে বিলাতী সুৰা অতি নিম্ন দৰত যোগান ধৰে আৰু সেইবোৰ এজেণ্টবোৰে পুনৰ পাইকাৰী দৰত গ্ৰাম্যঞ্চলৰ বিভিন্ন প্ৰান্তৰ কিছুমান সৰু ব্যৱসায় চলাই থকা লোকক বিক্ৰী কৰে৷

মুলতঃ এবটল সুৰা তিনিবাৰ বেলেগে বেলেগে পাইকাৰী দামত বিক্ৰী হয়৷ প্ৰকাশ কৰাটো উচিৎ যে, যি সময়ত এখন অনুজ্ঞাপত্ৰ থকা বিলাতী সুৰাৰ দোকানে ১২০ টকা দামৰ এটা সুৰাৰ বটল ১১০ টকাৰ কমত দিব নোৱাৰে, সেই ব্যৱসায়ীয়ে আকৌ একেটা ব্ৰেণ্ডৰ সুৰাৰ বটল এটা কেনেকৈ পাইকাৰী দামত তিনিবাৰকৈ বিক্ৰী কৰে৷ এই কথাৰ পৰাই অনুমান কৰিব পাৰি এই সুৰা কিমান নিম্নমানৰ আৰু ভেজালকৃত তথা বিষাক্ত৷ 

অভিযোগ মতে, ভগা লোহাৰ, টিং, প্লাষ্টিক, কাগজ আদি পেলনীয়া সামগ্ৰী ক্ৰয় কৰা বেপাৰীয়ে বিভিন্ন প্ৰান্তৰ পৰা খালী হোৱা বিভিন্ন ব্ৰেণ্ডৰ লেবেলযুক্ত সুৰাৰ বটল ডেৰ-দুই টকা কেজি দৰত ক্ৰয় কৰি কাবাৰীক সেইবোৰ জমা দিয়াৰ পিছত তেনেবোৰ খালী সুৰাৰ বটল অসাধু সুৰা ব্যৱসায়ী চক্ৰই কাবাৰীৰ মালিকৰ পৰা ক্ৰয় কৰি তাত অতি নিম্নমানৰ ভেজাল সুৰা গোপনে ভৰাই বটলিং কৰি বজাৰত মেলি দিয়া বুলি একাংশই অভিযোগ উত্থাপন কৰে৷ 

বৰ্তমান এনে ভেজাল আৰু নিম্নমানৰ বিলাতী সুৰা নগাঁও জিলাৰ গ্ৰাম্য অঞ্চলত অসাধু ব্যৱসায়ীয়ে বিহুৰ উৎসৱমুখৰ পৰিবেশৰ অচিলা লৈ বৃহৎ পৰিমানত মজুত কৰি ৰমৰমীয়াকৈ অবৈধ বেহা চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে৷ সুৰাৰ নামত এনে বৰবিহ সদৃশ বিলাতী সুৰাৰ বৃহৎ সাম্ৰাজ্য অবাধে গঢ়ি তোলা এই ব্যৱসায়ী চক্ৰটোক কৰায়ত্ত কৰি কঠোৰতম শাস্তি প্ৰদান কৰাৰ লগতে নৱ-প্ৰজন্মক ধ্বংসৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে সচেতন নাগৰিকসকলে৷