বটদ্ৰৱাঃ দেশৰ স্বচ্ছ চহৰৰ তালিকাত নগাঁও চহৰে স্থান লাভ কৰাত জিলাবাসীৰ লগতে জিলা প্ৰশাসনো উৎফুল্লিত হৈ পৰিছে। সমগ্ৰ দেশৰ ভিতৰতে স্বচ্ছ ভাৰত অভিযানত অসমৰ কেৱল নগাওঁ চহৰেহে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক গুৰুত্ব প্ৰদান কৰিয়েই জিলা প্ৰশাসনৰ লগতে নগাঁও চহৰৰ নাগৰিকে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগ দৃষ্টি দিয়াৰ পৰিণতিতে স্বচ্ছতাৰ তালিকাত চহৰখনে স্থান লাভ কৰিবলৈ সক্ষম হয়। এনে এক ৰাষ্ট্ৰীয় সন্মানৰ বাবে নগাঁও চহৰ নিৰ্বাচিত হোৱাত নগাঁওৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে জিলাখনৰ উপায়ুক্ত চমছেৰ সিঙে৷