♦ ব্যাপক হাৰত চলিছে জুৱা, সৰ্বস্বান্ত বহু যুৱক
জয়ন্ত মুদৈ, নগাঁওঃ অতি জনপ্ৰিয় খেল ক্ৰিকেটৰ অন্যতম আকৰ্ষণীয় ৰূপ আৰু ৰোমাঞ্চকৰ প্ৰতিযোগিতা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আইপিএল৷
বিশ্বকাপৰ পিছতে জনপ্ৰিয়তাৰ ক্ষেত্ৰত উচ্চ স্থান দখল কৰিবলৈ সক্ষম হোৱা এই প্ৰতিযোগিতাখনি বৰ্তমান পূৰ্ণ গতিত চলি আছে৷ বিশ্বৰ বছা বছা আগশাৰীৰ খেলুৱৈৰ অংশগ্ৰহণেৰে গঠিত মুঠ আঠটা দলৰ মাজত অনুষ্ঠিত হোৱা ধন সৰ্বস্ব এই প্ৰতিযোগিতাখনত প্ৰতিটো দলেই মৰণ-পণ যুঁজেৰে বিপক্ষৰ ওপৰত জঁপিয়াই পৰি প্ৰতিখন খেলেই কৰি তুলিছে উপভোগ্য৷
প্ৰতিটো দলৰেই এটাই লক্ষ্য বিশ অভাৰৰ এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠতম খিতাপটো দখল কৰা৷ প্ৰতিক্ষণতে ৰোমাঞ্চ আৰু উত্তেজনাৰে ভৰপূৰ ক্ৰিকেটৰ এই ৰণখন যিমানেই অন্তিম পৰ্যায়লৈ আগবাঢ়ি গৈছে, সিমানেই ক্ৰিকেটপ্ৰেমীৰ মাজত ইয়াক লৈ চলি থকা বিভিন্ন জল্পনা-কল্পনা দুগুণে বৃদ্ধি পোৱা দেখা গৈছে৷
সম্প্ৰতি প্ৰতিযোগিতাখনিৰ লীগ পৰ্যায়ৰ অধিকাংশ খেল সম্পন্ন হৈছে যদিও কোনো এটা দলেই এতিয়াও নক আউট পৰ্যায়ত স্থান সুৰক্ষিত কৰিব পৰা নাই৷ গতিকে দলসমূহৰ মাজত হৈছে তীব্ৰতৰ যুঁজ৷ ফলত ক্ৰিকেটপ্ৰেমীৰ মাজত পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে উন্মাদনা আৰু আলোচনা-বিলোচনা৷
সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো যুৱচামৰপৰা আৰম্ভ কৰি চেমনীয়ালৈকে মূল আলোচনাৰ বিষয় হৈছে আইপিএল৷ জিলাখনৰ চহৰ-নগৰৰ কথা বাদেই গাঁৱে-ভূঞে থকা হাট-বজাৰ, জিৰণি চ’ৰা, চাহৰ দোকান, তিনিআলি-চাৰিআলি বা ক্লাব ঘৰ আদিত চলিছে কেৱল আইপিএলৰ মহাৰণৰ চৰ্চা৷
ক্ৰিকেটপ্ৰেমীসকলে নিজৰ অজ্ঞাতে কোনোবা দলৰ পক্ষ লৈ সেইদলৰ হৈ বিজয় কামনা কৰিছে৷ আনকি বহুতে আকৌ ঘাইকৈ যুৱচামে নিজৰ নিজৰ পচন্দৰ দলৰ হৈ বাজি লগাই আইপিএল জ্বৰত আক্ৰান্ত হৈ পৰা পৰিলক্ষিত হৈছে৷
ইফালে, জিলাখনৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ টুকটুকী, বৰিবজাৰ, আলিটাঙুনী, ধূপগুৰি, কদমনি, শান্তিজান, বেছামাৰী, দলংঘাট, ডুমডুমীয়া, শিঙাৰী, ভকতগাঁও, জুৰীয়া, জাজৰি আদি বজাৰ এলেকাত আকৌ এই আইপিএলক কেন্দ্ৰ কৰি ব্যাপক হাৰত জুৱা চলি থকাৰ বাতৰি পোৱা গৈছে৷ য’ত জড়িত হৈ পৰা এচাম নগঞা যুৱ-প্ৰজন্মলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে এই আইপিএল জুৱাই৷
এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি উক্ত অঞ্চলবোৰত আইপিএল জুৱাৰ বজাৰ দৰ এশ টকাত তিনিশ, এক হাজাৰ টকাত তিনি হাজাৰ টকাৰ উপৰি ম’বাইল, বাইক আদি মূল্যৱান সামগ্ৰী জুৱাত ধৰিছে জুৱাৰীহঁতে৷
কাজেই, এই আইপিএল জুৱাৰ কৱলত পৰি বহু যুৱক সৰ্বস্বান্ত হোৱা ঘটনাই সচেতন মহলক চৰম উদ্বিগ্ন কৰি তুলিছে আৰু সকলোৱে এই জুৱা উৎখাত কৰিবৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনাইছে৷