জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ নগাঁও আৰু কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানত কৃষিভূমিতে গঢ়ি উঠিছে অৰ্ধ শতাধিক ইটা ভাটা। খেতি কৰা ভূমিৰ শ্ৰেণী পৰিবৰ্তন নকৰাকৈয়ে একমাত্ৰ ধনৰ লেনদেনৰ বিনিময়ত কৃষি ভূমিতে এই ইটাভাটা সমূহ চলাই থকা হৈছে যদিও এই সন্দৰ্ভত জিলা প্ৰশাসনে নিৰ্লিপ্ত ভূমিকাহে গ্ৰহণ কৰাৰ অভিযোগ উঠিছে।
হাজাৰ হাজাৰ বিঘা কৃষি ভূমি ব্যৱহাৰ কৰি এই ইটাভাটা সমূহ চলাই থকাত কৃষকৰ কৃষিভূমি স্বাভাৱিকতে সংকুচিত হৈ পৰিছে। লগতে এই ইটাভাটাৰপৰা নিৰ্গত ধোঁৱাই সংশ্লিষ্ট অঞ্চলৰ জন জীৱনলৈ চৰম ভাবুকি নমাই অনা পৰিলক্ষিত হৈছে। সংশ্লিষ্ট এলেকাৰ ৰাজহ চক্ৰ বিষয়া আৰু প্ৰদূষণ নিয়ন্ত্ৰন পৰিষদৰ বিষয়-ববীয়াক মেনেজ কৰি এই ইটাভাটা সমূহ চলাই থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আৰ টি আই কৰ্মী দিলীপ নাথে।