নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ইতিহাস প্ৰসিদ্ধ জামুগুৰি সাৰ্ব্বজনীন গৰখীয়া থানত ১৯৯৩ চনৰপৰা উদযাপন কৰি অহা দৌল উৎসৱভাগে যোৱা বছৰ ৰূপালী জয়ন্তী মহোৎসৱ গৰকি এইবাৰ ২৬ তম বৰ্ষত আৰোহন কৰিছে। বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো অহা ২০ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে দৌল উৎসৱটি উদযাপনৰ দিহা কৰা হৈছে বুলি উদযাপন সমিতিৰ সভাপতি গম্ভীৰ নাথ তথা সম্পাদকদ্বয় ৰুহিত চন্দ্ৰ নাথ আৰু প্ৰদীপ কুমাৰ নাথে জানিব দিছে।
প্ৰকাশিত বিস্তৃত কাৰ্যসুচী অনুসৰি ২০ মাৰ্চত পুৱাৰ ভাগত স্বচ্ছ অভিযান আৰু পৰিৱেশ নিকাকৰন, বৃক্ষৰোপন, শৰাই সফুঁৰা গ্ৰহন, মধ্যাহ্ন প্ৰসঙ্গ আৰু কীৰ্তন পাঠ। বিয়লি ১ বজাৰপৰা একাদিক্ৰমে আইসকলৰ নাম পৰিৱেশন, প্ৰদৰ্শনী দ্বাৰ উন্মোচন, সমুহীয়া বন্তি প্ৰজ্বলন আৰু মংগল ধ্বনি, সন্ধ্যা প্ৰসঙ্গ আৰু কীৰ্তন পাঠ, বৰ ধেমালিৰ লগতে নিশালৈ ভক্তি মুলক গীতৰ নৃত্যানুষ্ঠান অনুষ্ঠিত হ'ব।
২১ মাৰ্চত পুৱা ৮ বজাৰপৰা মণিকূট আৰু দৌল মন্দিৰত বন্তি প্ৰজ্বলন, গন্ধ বাদন, অঞ্চলৰ ২৫ টা নামঘৰৰপৰা এভাগকৈ ধৰ্মধ্বজা আৰু এভাগকৈ জল কলছি লৈ গৰখীয়া থানলৈ যাত্ৰা আৰম্ভ। ইয়াৰ পিছত ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পন, গোঁসাই স্নান আৰু দৌল প্ৰতিষ্ঠা, কীৰ্তন পাঠ, খোল প্ৰসঙ্গ আৰু নাম কীৰ্তন, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ মুকলি অাদি অনুষ্ঠিত হ’ব। বিয়লি আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম পৰিৱেশনৰ অন্তত "যুগধৰ্ম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৃষ্টীভংগী" শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ’ব।
সন্ধ্যা বন্তি প্ৰজ্বলন আৰু সন্ধ্যা প্ৰসঙ্গ, যোৰা ধেমালী, শৈক্ষিক বঁটা প্ৰদানৰ লগতে নিশা আমন্ত্ৰিত মহিলা শিল্পীৰ দ্বাৰা "কেলি গোপাল" অঙ্কীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব। ২২ মাৰ্চত পুৱা স্বচ্ছতা আৰু পৰিৱেশ নিকাকৰণ, পবিত্ৰ হোলী খেলা, কীৰ্তন পাঠ আৰু খোল প্ৰসঙ্গৰ পিছতেই দুপৰীয়া নামতি দলৰ নাম পৰিৱেশন, বিয়লি ৪ বজাত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান, সন্ধ্যা বন্তি প্ৰজ্বলন আৰু জোৰা ধেমালি আৰু নিশালৈ অঞ্চলৰ শিল্পীসকলৰ দ্বাৰা "বিশ্ব ৰূপ দৰ্শন" ভাওনা প্ৰদৰ্শিত হ'ব।
২৩ মাৰ্চত পুৱা স্বচ্ছতা আৰু পৰিৱেশ নিকাকৰন, ময়ুৰপংক্ষী ৰথত দৌল গোবিন্দ গোঁসাই ভ্ৰমণ, দুপৰীয়া কীৰ্তন পাঠ আৰু নাম প্ৰসঙ্গ, বিয়লি ২ বজাত অঞ্চলৰ মহিলাসকলৰ দ্বাৰা মুকলি নাম প্ৰদৰ্শন, নিশালৈ সামাজিক নাট পৰিৱেশনৰ লগতে নিশা ১২ বজাত ধৰ্মধ্বজা অৱনমনেৰে দৌল উৎসৱৰ সামৰণি পৰিব ৷