জয়ন্ত মুদৈ, নগাঁওঃ সমগ্ৰ ৰাজ্যতে বানৰ বিভীষিকাৰ সমান্তৰালকৈ মাৰাত্মক জাপানী এনকেফেলাইটিছ ৰোগে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে যোৱা পষেকটোত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ধিং এফ আৰ ইউ আৰু ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত লাকলেঙীয়া আৰু ধিং আলিটাঙনি অঞ্চলত দুজন লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ধৰণৰ বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহন নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে৷
অভিযোগ মতে, ধিং এফ আৰ ইউ আৰু ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দায়িত্বৰত স্বাস্থ্য বিষয়া দুজনে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ জাপানী এনকেফেলাইটিছ ৰোগৰ সন্দৰ্ভত প্ৰেৰণ কৰা নিৰ্দেশনাক নসাৎ কৰি সৰ্বসাধাৰণ ৰাইজক এই ৰোগ সম্পৰ্কত সচেতন নকৰাৰ লগতে ৰাইজে পাবলগীয়া ৰোগ প্ৰতিৰোধৰ ব্যৱস্থাৰ ক্ষেত্ৰত বিভাগীয় কোনো পদক্ষেপ গ্ৰহন কৰা নাই৷