জয়ন্ত মুদৈ, নগাঁওঃ সমগ্ৰ ৰাজ্যতে বানৰ বিভীষিকাৰ সমান্তৰালকৈ মাৰাত্মক জাপানী এনকেফেলাইটিছ ৰোগে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে যোৱা পষেকটোত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ধিং এফ আৰ ইউ আৰু ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত লাকলেঙীয়া আৰু ধিং আলিটাঙনি অঞ্চলত দুজন লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ধৰণৰ বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহন নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে৷ 

অভিযোগ মতে, ধিং এফ আৰ ইউ আৰু ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দায়িত্বৰত স্বাস্থ্য বিষয়া দুজনে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ জাপানী এনকেফেলাইটিছ ৰোগৰ সন্দৰ্ভত প্ৰেৰণ কৰা নিৰ্দেশনাক নসাৎ কৰি সৰ্বসাধাৰণ ৰাইজক এই ৰোগ সম্পৰ্কত সচেতন নকৰাৰ লগতে ৰাইজে পাবলগীয়া ৰোগ প্ৰতিৰোধৰ ব্যৱস্থাৰ ক্ষেত্ৰত বিভাগীয় কোনো পদক্ষেপ গ্ৰহন কৰা নাই৷ 

যাৰ ফলত বিগত সময়ত বিনা বৰা(৬০) আৰু হৰি প্ৰসাদ শইকীয়া(৩২) নামৰ দুজন লোকে অকালতে মৃত্যুবৰণ কৰিবলগীয়া হোৱা বিপৰীতে সম্প্ৰতি এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত আন এজন লোক চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে৷ প্ৰকাশ যে, স্বাস্থ্য বিভাগে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰত্যেকখন চিকিৎসালয়ৰ কৰ্তৃপক্ষক স্বাস্থ্যকৰ্মীসহ বিশেষ পদক্ষেপ ল’বলৈ নিৰ্দেশনা দিছে যদিও উল্লেখিত চিকিৎসালয় দুখনৰ দায়িত্বৰত স্বাস্থ্য বিষয়া দুজনে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন নকৰি ব্যক্তিগত মুনাফা আদায়ৰ কামতহে ব্যস্ত থকাৰ অভিযোগ উঠিছে৷

ইফালে, ধিং এফ আৰ ইউৰ তৰফৰপৰা বৰ্তমানলৈকে বৃহত্তৰ এলেকাত জাপানী এনকেফেলাইটিছৰ বিজানু সৰবৰাহকাৰী ম’হ খেদাৰ বাবে কোনো ব্যৱস্থা গ্ৰহন নকৰাত আতংকৰ মাজেৰে দিন অতিবাহীত কৰিবলগীয়া হৈছে অঞ্চলবাসী ৰাইজ। 

তদুপৰি তেজ পৰীক্ষাকে ধৰি প্ৰতিষেধকমূলক চিকিৎসা সেৱা প্ৰদান নকৰি ৰোগীসকলক নগাঁও চহৰস্থিত ব্যক্তিগত নাৰ্চিং হোমলৈ স্বাস্থ্য বিষয়া দুজনে নিজৰ কমিছনৰ অংকৰ বিনিময়ত প্ৰেৰণ কৰি আহিছে বুলি সচেতন ৰাইজে আন এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে৷ কাজেই, বৃহত্তৰ অঞ্চলটোত স্বাস্থ্য বিভাগে এইবিধ ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা তাৎক্ষণিকভাবে গ্ৰহন নকৰিলে অনাগত দিনত এই ৰোগে কালৰূপ ধাৰণ কৰাৰ সম্ভাবনা ব্যক্ত কৰিছে সচেতন মহলে৷ গতিকে, ধিং এফ আৰ ইউ আৰু ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিতৰ্কিত স্বাস্থ্য বিষয়া দুজনৰ এনে অনিয়মৰ উচিৎ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷