জয়ন্ত মুদৈ, নগাঁওঃ মুকালমুৱা, শিৱসাগৰ, যোৰহাটকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত সাংবাদিকক আক্ৰমণ কৰা ঘটনাক নগাঁও প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে গৰিহণা দিছে।
নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আৰু সাধাৰণ সম্পাদকদ্বয় চন্দনজ্যোতি বৰা আৰু ভাস্কৰ মেধিয়ে সাংবাদিক নিগ্ৰহৰ ঘটনাই গণতন্ত্রৰ চতুৰ্থ স্বম্ভক কুঠাৰাঘাট কৰিছে বুলি উল্লেখ কৰি নগাঁও প্ৰেছ ক্লাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সাংবাদিকক আক্ৰমণ কৰা ব্যক্তি সকলক দৃষ্টান্তমূলক শাস্তি দিবলৈ চৰকাৰক দাবী জনায়৷
তদুপৰি, নগাঁৱৰ বটদ্ৰৱা থানাৰ আৰক্ষীয়ে কৰ্মৰত অৱস্থাত থকা সাংবাদিকক লকআপত ভৰাই থম বুলি ভাবুকি দিয়া ঘটনাকো নগাঁও প্ৰেছ ক্লাবে গৰিহণা দিয়াৰ লগতে দোষী আৰক্ষী বিষয়াক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে৷
ইফালে, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত সকলক কঠোৰ শাস্তি দিয়াৰ দাবীত জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ নগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ সংগঠনটোৰ জিলা সভাপতি কবিন গায়ন, উপ-সভাপতি পলাশ ৰঞ্জন দাস আৰু সম্পাদক জ্যোতিপ্ৰসাদ বৰাৰ স্বাক্ষৰিত এখন স্মাৰক-পত্র নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্রীলৈ প্ৰেৰণ কৰি সাংবাদিকৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ দাবী জনায়৷
তদুপৰি সদৌ নগাঁও জিলা সাংবাদিক সন্থা, নগাঁও জিলা বাৰ্তাজীৱী সংঘ, আপকুৰ নগাঁও জিলা সমিতি, আজুৰ নগাঁও জিলা সমিতি, জানেলিষ্ট এছ’চিয়েচন অব আছাম (জা)কে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সংগঠন আৰু প্ৰেছ ক্লাবৰ লগতে বিভিন্ন দল-সংগঠনে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলি থকা সাংবাদিকক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে৷
ইপিনে, সদৌ নগাঁও জিলা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নগাঁও জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নগাঁও জিলা সমিতি, ভোজপুৰী যুৱ ছাত্র পৰিষদকে ধৰি কেইবাটাও দল-সংগঠনে সাংবাদিক নিগ্ৰহৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে।