নগাঁওঃ গুৰুজনাৰ পৱিত্ৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱাৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান বটদ্ৰৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়ে ইতিমধ্যে সগৌৰৱেৰে ৰূপালী জয়ন্তী বর্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
সেয়ে ৰূপালী জয়ন্তী উৎসৱটি উদযাপন কৰাৰ মানসেৰে প্ৰস্তুতি চলাই থকা হৈছে৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে মহাবিদ্যালয় সভাকক্ষত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়৷ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমানে৷