নগাঁওঃ গুৰুজনাৰ পৱিত্ৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱাৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান বটদ্ৰৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়ে ইতিমধ্যে সগৌৰৱেৰে ৰূপালী জয়ন্তী বর্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। 

সেয়ে ৰূপালী জয়ন্তী উৎসৱটি উদযাপন কৰাৰ মানসেৰে প্ৰস্তুতি চলাই থকা হৈছে৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে মহাবিদ্যালয় সভাকক্ষত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়৷ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমানে৷

সভাত অহা ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়া বিস্তৃত কার্যক্ৰমনিকাৰে অনুষ্ঠিত হ'বলগীয়া ৰূপালী জয়ন্তী উৎসৱটি সুকলমে সম্পন্ন কৰাৰ অৰ্থে প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাক সভাপতি, ধুনীয়াভেটি হাইস্কুলৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামক উপ-সভাপতি, মহাবিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমানক মুখ্য সম্পাদক তথা জোনাৰাম বৰুৱা আৰু অধ্যাপক শ্বৰিফুল ইছলামক যুটীয়া সম্পাদক হিচাপে লৈ মুঠ ৫১ জনীয়া ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কার্যকৰী কমিটী গঠন কৰা হয়।

তদুপৰি এই সভাতেই অধ্যাপক প্ৰাঞ্জল হাজৰিকাক সভাপতি, লক্ষ্যধৰ তালুকদাৰক উপসভাপতি, সঞ্জীৱ বৰাক সম্পাদক, বাহাৰুল ইছলাম আৰু আশ্রাফুল হুছেইনক যুটীয়া সম্পাদক, দিব্যজ্যোতি বৰা আৰু মোশ্বাৰফ হুছেইনক প্ৰচাৰ সম্পাদক হিচাপে লৈ এখনি সাতজনীয়া প্ৰাক্তন ছাত্ৰ সন্মিলনী সমিতিও গঠন কৰা হয়। 

অনুষ্ঠানটি সুচাৰুৰূপে পালন কৰাৰ বাবে মহাবিদ্যালয়ৰ প্রতিষ্ঠাকালৰপৰা জড়িত সকলো ব্যক্তি, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো শুভাকাংক্ষীৰ সহায়-সহযোগ আৰু দিহা-পৰামর্শ উদযাপন সমিতিয়ে কামনা কৰিছে।