68
জয়ন্ত মুদৈ, নগাঁও, ১৮ জুলাইঃ পথৰ কাষত এজোপা বট বৃক্ষ৷ এই বৃক্ষত লাগি আছে এটা প্ৰকাণ্ড শুকান ডাল৷ যিকোনো মূহূৰ্ততে খহি পৰিব পাৰে এই প্ৰকাণ্ড শুকান ডালটো৷
যাৰ ফলত যি কোনো মুহূৰ্ততে এক ভয়াৱহ দূৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট৷ এই বৃক্ষ জোপাৰ শুকান ডালটো উলমি আছে নগাঁও জিলাৰ নগাঁও পথ সংমণ্ডলৰ সোনাই ছাইদৰীয়া গড়কাপ্তানি পথৰ জুৰীয়া কলেজৰ সমীপত তেলিয়া বেবেজীয়া গাঁৱৰ এজোপা জীৱিত গছত৷