♦ বটদ্ৰৱা আৰক্ষী ছত্ৰছায়াতে দিন দুপৰতে চলিছে মুকলি জুৱাৰ আড্ডা
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ পশ্চিমাঞ্চল সম্প্ৰতি অপৰাধীৰ অসামাজিক কাম-কাজৰ ঘাটিতহে যেন পৰিণত হৈ পৰিছে৷ আৰক্ষীৰ ছত্ৰছায়াতেই এই অঞ্চলবোৰত এতিয়া দিন দুপৰতে নিতৌ চলিছে মুকলি জুৱাৰ আড্ডা।
এই জুৱাৰ আড্ডাত অংশগ্ৰহণ কৰিছে স্কুল-কলেজৰ ছাত্রৰ লগতে জ্যেষ্ঠজনেও। এই অভিযোগ অঞ্চলবাসী সচেতন লোকসকলৰ৷ জানিব পৰা মতে, বটদ্ৰৱা আৰক্ষী নিৱেশৰ নিকটৱৰ্তী ধনীয়াভেটি, ৰামপুৰ, হাইডুবি আদি বহু গ্ৰামাঞ্চল এতিয়া পৰিণত হৈছে জুৱাৰ ঘাটিলৈ।
নগাওঁ আৰু মৰিগাঁও জিলাৰ বহু জুৱাৰীৰ অবাধ আগমন ঘটে এই অঞ্চলবোৰলৈ আৰু এই জুৱা খেলত নিতৌ চলে লাখ লাখ টকাৰ লেনদেন। বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰপৰা পোৱা অভিযোগ অনুসৰি, এই অঞ্চলবোৰৰ কেইটামান অসাধু প্ৰকৃতিৰ লোকৰ সৈতে বটদ্ৰৱা আৰক্ষী থানাত দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ থকা এজন বিষয়াৰ মিতিৰালি থকাৰ বাবেই এনেদৰে চলিছে এই জুৱাৰ বেহা।
আনকি আৰক্ষী লগত থকা গোপন বুজাবুজিৰ বাবেই এই দুষ্কাৰ্য বন্ধ কৰিবলৈ কোনো লোক আগবাঢ়ি আহিলেও মৃত্যুৰ ভাবুকি আহে একাংশ গুণ্ডা প্ৰকৃতিৰ লোকৰপৰা। সেয়ে বাধা দিবলৈ সাহস নকৰে অঞ্চলটোৰ সাধাৰণ লোকে।
আনকি ভয় কৰে মুকলিকৈ সংবাদ মাধ্যমক অৱগত কৰিবলৈও। ইফালে, জুৱাত একাংশই লাখ লাখ টকা হাৰি সৰ্বস্বান্ত হৈ নিজৰ দামী গাড়ী বিক্ৰী কৰিবলগীয়া হোৱাৰ বিপৰীতে আন কোনোৱে জুৱা খেলত হাৰি অঞ্চলটোত চুৰি-ডকাইতিৰ দৰে ঘটনা সংঘটিত কৰি আহিছে।
কিন্তু এনেধৰণৰ কাৰ্যকলাপ নিতৌ বৃদ্ধি পাই অহাৰ পাছতো এইবোৰ ৰোধ কৰাৰ বাবে গুৰুত্ব আৰোপ নকৰাত বটদ্ৰৱা আৰক্ষীৰ ভূমিকাক তীব্ৰ সমালোচনা কৰিছে অঞ্চলটোৰ সচেতন মহলে। এতিয়া প্ৰশ্ন হৈছে অপৰাধীক ৰক্ষণাবেক্ষণ দি আৰক্ষীৰ খাকি পোচাকত কলংক সনা বটদ্ৰৱা আৰক্ষী নিৱেশৰ এই আৰক্ষী বিষয়াৰ বিৰুদ্ধে উচ্চপদস্থ আৰক্ষী বিষয়াই ল’ব পাৰিনে উচিৎ ব্যৱস্থা? সেয়া লক্ষণীয় হ’ব।
উল্লেখ্য যে বিগত বছৰত নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত বলিকটীয়াত জুৱাৰীৰ গুলীত অনিল দাস নামৰ এগৰাকী আৰক্ষী কনিষ্ঠবলৰ মৃত্যু হৈছিল। তাৰ পাছতো জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ৰহস্যজনক নিৰব ভূমিকাই সচেতন মহলৰ মাজত সৃষ্টি কৰিছে তীব্র চাঞ্চল্যৰ৷