জয়ন্ত মুদৈ, নগাঁওঃ যিটো সময়ত অসমীয়া চিনেমাই দৰ্শকৰ অভাৱত সংকটজনক পৰিস্থিতিৰ মুখামুখি হোৱা বুলি চৰ্চিত হৈ আহিছে, ঠিক তেনে সময়তে নগাঁও জিলাৰ ধিং অঞ্চলৰ কেইজনমান উদ্যমী সাংস্কৃতিক কৰ্মীৰ প্ৰচেষ্টাত জন্ম লাভ কৰা ‘সম্প্ৰীতি-এক মননশীল অনুৰণন’ নামৰ এটি সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত ধিং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ‘কানীন’ ছবিখন প্ৰদৰ্শন কৰা হয়৷
বিশিষ্ট ঔপন্যাসিক ড° ৰীতা চৌধুৰীৰ ‘ৰাজীৱ ঈশ্বৰ’ নামৰ উপন্যাসখনৰ আধাৰত উদীয়মান পৰিচালক মঞ্জুল বৰুৱাৰ সুদক্ষ পৰিচালনাত নিৰ্মিত কানীনৰ বিশেষ প্ৰদৰ্শনীটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ধিং মহাবিদ্যালয় অধ্যক্ষ ড° শৰৎ কুমাৰ দত্তই৷ প্ৰকাশ যে, নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলত পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ত চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এখন বোলছবি প্ৰদৰ্শনৰ লগতে উক্ত ছবিখনৰ পৰিচালক, চিত্ৰ নাট্যকাৰ মঞ্জুল বৰুৱা, ছবিখনৰ সহযোগী প্ৰযোজক তথা মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ডাঃ জাহানাৰ বেগম প্ৰদৰ্শনীস্থলীত উপস্থিত থাকি দৰ্শসকলৰ লগতে সাংস্কৃতিক সমাজক উৎফুল্লিত কৰি তোলে৷