নগাঁওঃ সদৌ অসম কবি সন্মিলনে অসমীয়া বাপতি সাহোন ব’হাগ বিহুক কেন্দ্ৰ কৰি ৰূপায়ণ কৰা ‘ব’হাগী বৰণ’ শীৰ্ষক অনুষ্ঠান ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নগাঁও জিলাত অনুষ্ঠিত কৰা হয়৷ পহিলা ব’হাগৰ দিনটোত নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সন্মিলনৰ অন্তৰ্গত শাখা সমিতিসমূহৰ সহযোগত দুকুৰি নগঞা বিশিষ্ট নাগৰিকক একোখনকৈ ফুলাম গামোচা আৰু সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া আৰু প্ৰধান সম্পাদক উজ্জ্বল পাওগামৰ স্বাক্ষৰ সম্বলিত ‘বৰণ পত্ৰ’ প্ৰদানেৰে বিহুৰ ওলগ তথা সম্বৰ্ধনা জনোৱাৰ লগতে আশীষ গ্ৰহণ কৰে৷
জানিব পৰা মতে, নগাঁও জিলা কবি সন্মিলনে জিলা সমিতিৰ উপ সভাপতি দুৰ্গেশ্বৰ বৰকটকী, পুতুলী মুদৈ, সম্পাদক মদাৰজ্যোতি, কবি সঞ্জীৱ সাগৰ চৌধুৰী, ৰূপম নাথ, হাছিনা মনতাজ, কবিতা বৰা, কল্পনা বৰদলৈ মেধী, হৰেশ্বৰী বৰদলৈ, বিপুল মেধী আৰু লতামনি শৰ্মাৰ নেতৃত্বত জিলাখনৰ বিশিষ্ট নগাৰিক ড০ নৰেন কলিতা, উপেন্দ্ৰ বৰকটকী, কৃষ্ণমোহন শৰ্মা, ডা০ প্ৰয়াগ শইকীয়া, ড০ খগেশ্বৰ ভূঞা, পৰাণ চন্দ্ৰ দাস, মনোৰমা ভূঞা, হেমপ্ৰভা বৰদলৈ, বিনু লস্কৰ ঠাকুৰীয়া, হিৰণ্য নাৰায়ণ বৰা, তপন কুমাৰ হাজৰিকা, প্ৰবীন চন্দ্ৰ ডেকা, দিলিপ কুমাৰ ভূঞা, পৰাণ কুমাৰ বৰুৱা আৰু অমূল্য কুমাৰ ভাগৱতীক সম্বৰ্ধনা যাচে৷