নগাঁওঃ ‘অসমীয়া সংগীত নিঃসন্দেহে সৰ্বভাৰতীয়। ই প্ৰান্তীয় অথচ ৰাষ্ট্ৰীয়। ঊনবিংশ শতিকাৰ শেষাৰ্ধত অসমীয়া সুগম সংগীতৰ যেতিয়া নৱোন্মেষ ঘটিছিল, সেই কাল ধৰি আজিলৈকে অসমীয়া সংগীত-লোকসংগীত, ৰাগসংগীত আৰু পাশ্চাত্য সংগীতৰ বিচিত্ৰ উপাদান সমন্বিতে এক সুষম ৰূপত প্ৰতিভাত হৈছে।’ এই মন্তব্য সংস্কৃত ভাষাৰ গীতেৰে সমগ্ৰ ভাৰততে দৃষ্টি আকৰ্ষিত বিশিষ্ট সঙ্গীত-শিল্পী ৰঞ্জন বেজবৰুৱাৰ।
৫ মাৰ্চত শিক্ষাবিদ-গল্পকাৰ-কবি-নাট্যকাৰ-অভিনেতা-হাস্যব্যঙ্গলেখক-সমালোচক কৃষ্ণ মোহন শৰ্মাৰ ওপজা দিন উপলক্ষ্যে ঐতিহ্যমণ্ডিত ফুলগুৰিৰ নিজা বাসভৱন ‘প্ৰৱৰালয়’ত আয়োজিত কাব্যধ্বনি, অন্তৰঙ্গ আলাপ তথা প্ৰেৰণা-বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি তেওঁ লগতে কয় যে ”ভাৰতীয় সভ্যতাৰ ৰেঙনি ধৰি ৰাখিছে প্ৰকৃততে কাব্য, চিত্ৰ আৰু সংগীতে। প্ৰাচীনৰ সৈতে অৰ্বাচীনৰ ইয়েই মেলবন্ধন। আজি ধ্ৰুপদী সংগীতেৰে সেই মহা ঐতিহ্যক সুঁৱৰিবৰ সুযোগ আনি দিছে ৰহাৰ ‘ৰহদৈ কবি মঞ্চ’ই, যি নেকি এক বিস্তীৰ্ণ অঞ্চলৰেই সংস্কৃতি-চৰ্চাৰ সুন্দৰ মঞ্চৰূপে পৰিগণিত।’’