জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা থানাৰ এলেকাধীন ধনীয়াভেটিত বৃহস্পতিবাৰে দুটা ফৈদৰ মাজত হোৱা ভূমিকেন্দ্ৰিক সংঘাতত এটা পৰিয়ালৰ পাঁচজনকৈ লোক গুৰুতৰভাৱে আহত হয়।
ঘটনাৰ বিবৰণী মতে, পুৱা ১০ বজাত ধনীয়াভেটি নিৱাসী আব্দুল ৰশ্বিদ (৩২), আব্দুল কৰিম (২৮) আৰু আব্দুল ৰফিক (৩৪) নামৰ লোককেইজনে ঘৰৰ সমীপতে থকা নিজৰ পুখুৰীত মাছ মাৰিবলৈ যায়৷ পাছত উক্ত অঞ্চলৰে আতাবুৰ ৰহমান, মহম্মদ আলী, আহমদ আলী আৰু ওচমান আলী নামৰ লোক কেইজনে মাছ মাৰি থকা আব্দুল ৰশ্বিদ, আব্দুল কৰিম আৰু আব্দুল ৰফিকক বাধা প্ৰদান কৰাত দুই পক্ষৰ মাজত প্ৰথমে কথাৰ কটা কটি হয়। কিন্তু পৰৱৰ্তী সময়ত আতাবুৰ ৰহমানৰ ফৈদে দা, লাঠি আৰু তৰোৱালেৰে আব্দুল ৰশ্বিদৰ পক্ষক আক্ৰমণ কৰি ঘটনাস্থলীৰপৰা পলায়ন কৰে।