68
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি পথাৰত শুকুৰবাৰে সংঘটিত হোৱা এক ভূমিকেন্দ্ৰিক বিবাদৰ ফলত এজন বৃদ্ধ গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত আভিযোগ মতে, আব্দুল ছালাম, ইজাজুল হক, মজিবুৰ ৰহমান আৰু চান্দিৰ উদ্দিন নামৰ চাৰিজন লোকে চাদিকুল ইছলাম নামৰ লোকজনৰ ভূমিত দহ বছৰ ধৰি বেদখল কৰি ঘৰ সাজি আছে৷ উক্ত ভূমিত এখন জেওৰা দিয়াক লৈ দুই দলৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।