জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু আব্দুল হাচিম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লিগেল লিটাৰেচী ক্লাছৰ সহযোগত দেওবাৰে বিদ্যালয়ৰ সভাগৃহত পুৱা ১১ বজাত ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ সঞ্চালনাত “আইনী সাক্ষৰতা পাঠদান” শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়৷
সভাত নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে ন্যায় সেৱা প্ৰাধিকাৰী আইন ১৯৮৭ৰ ব্যাখ্যা আগবঢ়াই ন্যায় সেৱা প্ৰাধিকাৰীয়ে বৰ্তমান কৰি অহা বিভিন্ন সজাগতা সভা, নিজ ঘৰতে নিপীড়িত, নিৰ্যাতিত, দিব্যাগং, দৰিদ্ৰ আদি লোকসকলৰ হৈ ন্যায় সেৱা প্ৰাধিকাৰীয়ে কৰা উন্নয়ন আৰু গঠনমূলক কাম-কাজসমূহৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে৷