নগাঁওঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত যোৱা ১৪ ফেব্ৰুৱাৰীত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰদ্বাৰা সংঘটিত হোৱা ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত শ্বহীদ হোৱা মুঠ ৪২ গৰাকী ভাৰতীয় বীৰ সেনা জোৱানৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰি নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু বক্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

স্থানীয় যুৱকবৃন্দৰদ্বাৰা পূব জামুগুৰিত ৰূপায়ণ কৰা এই কাৰ্যসূচীত প্ৰবীন শিল্পী গম্ভীৰ নাথ, সমাজকৰ্মী উৎপল বৰদলৈ, সুনীল বৰদলৈ, জয়ন্ত ডেকা, অভিজিৎ বৰদলৈ, মৌচম কৌশিক ডেকা, যুগল কিশোৰ বৰদলৈকে প্ৰমুখ্য কৰি প্ৰায় শতাধিক লোক উপস্থিত থাকে৷ 

উপস্থিত সকলোৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে শীঘ্ৰে অভিযান চলাই ভাৰতৰপৰা সন্ত্ৰাসবাদীক সমুলঞ্চে নিঃশেষ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি অনুৰোধ জনায়৷