জয়ন্ত মুদৈ,নগাঁওঃ “নিজৰ মাতৃভাষা স্বাভিমান স্বৰূপ। মানুহ যিমানেই ডাঙৰ নহওক কিয় মাতৃভাষাক শ্ৰদ্ধা কৰিব লাগে। আনৰ ভাষাত কথা পাতিলে ভুল হোৱাটো অপৰাধ নহয়, কিন্তু আমি অসমীয়াই মাতৃ ভাষা পদে পদে ভুল কৰাটো ডাঙৰ অপৰাধ হৈছে।” এই মন্তব্য ৱগূীো-সাীুা।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও নগৰ শাখাৰ উদ্যোগত মঙলবাৰে অনুষ্ঠিত হোৱা বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ লগতে কয় যে-ৰাষ্ট্ৰ মানে ভৌগোলিক সীমা নহয়৷ ৰাষ্ট্ৰ অকল মানুহক লৈ গঠিত নহয়। ৰাষ্ট্র হৈছে গছ গছনি, বায়ু, পানী, নদ-নদী, পাহাৰ, ভৈয়াম আদি সকলো। আমোলাপট্টি নাট্য মন্দিৰত প্ৰলয় কুমাৰ বড়ো আৰু আকাশদীপ নাথে আঁত ধৰা অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি জে এন ইউৰ অধ্যাপিকা ডঃ নন্দিতা শইকীয়াই ছাত্ৰসকলক সুন্দৰ সমাজৰ সপোন দেখিবলৈ আহ্বান জনায়।