72
নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত লালুং গাঁৱৰ এখন পথাৰত দেওবাৰে পুৱা প্ৰায় ১০ বজাত এটি শিশুৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মৃত শিশুটো লালুং গাঁৱৰ শ্বেখ জামানৰ পুত্ৰ আবিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে৷ লালুং গাঁও নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আবিদুল যোৱা বৃহস্পতিবাৰে বিদ্যালয়লৈ যোৱাৰেপৰা সন্ধানহীন হৈ আছিল৷