48
নগাঁওঃ দেশজুৰি নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে নগাঁও জিলাৰ জাজৰি আৰক্ষীৰ তৎপৰতাত জব্দ হল নগদ ৩৫ লাখ টকা সহ চাৰিজন ব্যক্তি।
উল্লেখ্য যে নিৰ্বাচনী পৰ্যবেক্ষক, জিলা আয়কৰ বিভাগ আৰু জাজৰি আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত ব-হস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত বেবেজীয়াৰ সমীপৰ কুৰুৱাবাহী চাৰিআলিত নগাঁও চহৰৰপৰা জাজৰি অভিমুখে আহি থকা এএছ-০২-ইউ ৮৯৫৭ নম্বৰৰ এখন টাটা টিয়াগ’ গাড়ীৰে কঢ়িয়াই অনা অৱস্থাত আৰক্ষীয়ে উক্ত টকাখিনি জব্দ কৰিবলৈ সক্ষম হয়।