জয়ন্ত মুদৈ, নগাঁওঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই নিৰ্বাচনী আয়োগৰ ফ্লায়িং স্কোৱাডৰ নিয়মীয়া তালাচী অভিযান তীব্ৰতৰ হৈ পৰিছে৷ এনে অভিযান কালতে শুকুৰবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জাজৰি থানাৰ অন্তৰ্গত কুৰুৱাবাহী আৰু কাকমাৰীত নিৰ্বাচনী আচৰণ বিধি নিৰীক্ষণ কৰা ফ্লায়িং স্কোৱাড আৰু জাজৰি আৰক্ষীৰ অভিযানত দুজন লোকৰ জিম্মাৰপৰা ২ লাখ ৪৯ হাজাৰ টকা জব্দ কৰা হয়৷
জানিব পৰা মতে, কুৰুৱাবাহী চাৰিআলিত চলোৱা আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ নিয়মীয়া তালাচীত বিয়লি প্ৰায় ডেৰ বজাত কলিয়াবৰৰ গুণমাৰা সত্ৰৰ অমৰজ্যোতি মহন্ত নামৰ লোকজনৰপৰা এক লাখ বিছ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়৷ লোকজনে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰে এই ধনখিনি এএছ-০১-এডব্লিউ ৪৫২৫ নম্বৰৰ এখন টাটা ইণ্ডিগ’ গাড়ীৰে কলিয়াবৰৰপৰা দলংঘাট অভিমুখে লৈ আহোতে এনেদৰে জব্দ কৰা হয়৷