46
নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰীত ম’বাইল চুৰি কৰাৰ সন্দেহত দুজন কিশোৰৰ ওপৰত মৰেল পুলিচগিৰি চলাই ৰছীৰে বান্ধি মাৰপিট কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, জামুগুৰি গাঁৱৰ বাহাৰুল ইছলাম নামৰ এজন কিশোৰক ম’বাইল চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগত প্ৰথমে ৰছীৰে বান্ধি মাৰপিট কৰাৰ লগতে আন এজন ছাত্ৰক মাৰপিট কৰাৰ দৃশ্যই সকলোৰে চকু কপালত তুলিছে।