নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰকলাৰ সু-সন্তান বিশিষ্ট কবি, সাহিত্যিক তথা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ড° নন্দ সিং বৰকলালৈ আগবঢ়োৱা হৈছে সৰ্বভাৰতীয় সুব্ৰমনিয়াম ভাৰতী বঁটা৷
উত্তৰ প্ৰদেশ কৰ্মচাৰী সংস্থাই তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতিস্বৰূপে এইবাৰ আগবঢ়াইছে এই সন্মান৷ অহা ১৭ মাৰ্চত উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব এই বঁটা৷ এই বঁটাত আছে স্মাৰক, গ্ৰন্থ, প্ৰশস্তি পত্ৰ, অংগ বস্ত্ৰ আদিৰ লগতে নগদ এক লাখ টকা৷