নগাঁওঃ অহা বৃহস্পতিবাৰৰপৰা নগাঁৱত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নাট মহোৎসৱ। ইষ্টাৰ্ণ জ’নেল কালচাৰেল চেণ্টাৰৰ উদ্যোগত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই নাট মহোৎসৱত অসমৰ উপৰিও পাটনা, কলকতা, ওড়িষা আদিৰ নাট্যদলে অংশগ্ৰহণ কৰিব।
নগাঁৱত এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ বিষয়ে সদৰী কৰি ভ্ৰাম্যমাণ থিয়েটাৰক প্ৰত্যাহ্বান জনালে বিশিষ্ট নাট্যকৰ্মী বাহাৰুল ইছলামে। বৰ্তমানৰ ভ্ৰাম্যমান থিয়েটাৰক ‘জালমুৰি’ আৰু ‘ফাষ্টফুড’ৰ লগত তুলনা কৰি বাহাৰুল ইছলামে অসমীয়া ছবিৰ দুৰ্যোগৰ সন্দৰ্ভতো সৰব হৈ পৰে।