নগাঁওঃ সমগ্ৰ ৰাজ্যতে মঙলবাৰৰপৰা অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ প্ৰাকক্ষণত নগাঁও জিলাৰ ৰহা মহাবিদ্যালয়ত লাগে হুৱাদুৱা৷ পৰীক্ষা আৰম্ভ হ’বলৈ কিছুসময় থকা অৱস্থাতে সৃষ্টি হয় এই অনাহুত পৰিস্থিতি৷
পৰীক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত কেৱল এটাই শব্দ ‘অজিত নাই, অজিত নাই’৷ (নামটো সলাই দিয়া হৈছে।) এই কথা কাণত পৰিল মহাবিদ্যালয়ৰ অধ্যক্ষৰ৷ সকলোৱে পৰীক্ষাকেন্দ্ৰৰ সকলোতে বিচাৰ-খুচাৰ কৰিও নাপালে অজিতক৷ কিন্তু ক’লৈ গ’ল অজিত? পৰীক্ষা আৰম্ভ হ’বৰ হ’লেই যদিও অজিত যে অহা নাই!