Home ৰাজ্যনগাঁৱৰ সংখ্যালঘূ এলেকাত জনজীৱন ব্যাহত, দোকান, স্কুল, কাৰ্যালয় এৰি এনআৰচিৰ সেৱা কেন্দ্ৰত ভিৰ

নগাঁৱৰ সংখ্যালঘূ এলেকাত জনজীৱন ব্যাহত, দোকান, স্কুল, কাৰ্যালয় এৰি এনআৰচিৰ সেৱা কেন্দ্ৰত ভিৰ

by News Desk
64 views
A+A-
Reset

newsnextone.com |  নগাঁওঃ অৱশেষত অসমীয়া জাতি ৰক্ষাৰ দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পালে। যাৰ বাবে সুদীৰ্ঘ কাল অসমীয়া জাতিয়ে কৰিব লগা হৈছিল সংগ্ৰাম। ৰাজপথ উত্তাল কৰি গঢ়ি তোলা তীব্ৰ সংগ্ৰামত বহু অসমীয়া ডেকাই প্ৰাণ দিব লগা হোৱাৰ বিপৰীতে বহুজন আকৌ হ’বলগীয়া হৈছিল অকালতে পংগু। এতিয়া দীৰ্ঘ পৰিক্ৰমাৰ অন্তত ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত বহু জল্পনা-কল্পনাৰ অন্তত যেন অসমীয়াই লাভ কৰিলে বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চি।সোমবাৰে পুৱাই ৰাইজৰ মাজলৈ আহিল এনআৰচি ৷ 

পুৱা ১০ বজাত অনলাইন যোগে আনুষ্ঠানিকভাৱে এন আৰ চিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱাহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত আনুষ্ঠানিক মুকলি কৰাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে বিৰাজমান হয় ব্যস্ততাপূৰ্ণ পৰিবেশ ৷ উল্লেখ্য, অনুৰূপ এনে পৰিবেশ দেখিবলৈ পোৱা গ’ল ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাত। প্ৰাপ্ত খবৰ মতে, জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম প্ৰান্তৰ গ্ৰাম্য এলেকাৰ এনআৰচিৰ সকলোবোৰ সেৱা কেন্দ্ৰতে পুৱাৰে পৰা উৎসুক গঞাৰাইজে প্ৰচণ্ড ভিৰৰ সৃষ্টি কৰে ৷ সকলোৰে লক্ষ্য এটাই এন আৰ চিৰ চূড়ান্ত খচৰাত নিজৰ নাম সন্নিবিষ্ট হৈছে নে নাই তাক স্বচক্ষে প্ৰত্যক্ষ কৰা ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0