নগাঁওঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দাবী আৰু আপত্তি নিষ্পত্তিকৰণ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলত সুকলমে এন আৰ চি প্ৰস্তুত হৈ উঠাত বাধা দিয়াৰ উদ্দেশ্যে অসাধু চক্ৰই বিভিন্ন ভিত্তিহীন আৰু মনেসজা আপত্তি দাখিল কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷
অভিযোগ অনুসৰি, দিপুল শইকীয়া নামৰ লোকজনে জিলাখনৰ বিভিন্নজনৰ বিৰুদ্ধে হকে-বিহকে ভিত্তিহীনভাৱে আপত্তি দাখিল কৰিছে। আনকি এনে আপত্তিৰ শুনানিৰ সময়চোৱাত শুনানি কেন্দ্ৰত ভূক্তভোগীসকল উপস্থিত থাকে যদিও আপত্তিকাৰী দিপুল শইকীয়া আশ্চৰ্যজনকভাবে উপস্থিত নাথাকে। অভিযোগ অনুসৰি, দিপুল শইকীয়াই ষড়য়ন্ত্ৰমূলকভাৱে ভিত্তিহীন আৰু মনেসজা আপত্তি দাখিল কৰি বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ৰাইজক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰি আহিছে।