জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লিগেল লিটাৰেচী ক্লাছৰ সহযোগত বুধবাৰে পুৱা ১১ বজাত বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রীৰ লগতে ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ লগতে পেনেল অধিৱক্তাদ্বয় ৰূপালী গোস্বামী, জেছমিন বেগম আৰু বিদ্যালয়ৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ বৰাৰ অংশগ্ৰহণেৰে বৃহত্তৰ যমুনামুখ অঞ্চলৰ মাজেৰে এটি পদযাত্রাত উলিওৱা হয়|

ইয়াৰ পাছতে বিয়লি ২ বজাৰপৰা বিদ্যালয়ৰ সভাগৃহত ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ সঞ্চালনাত এখনি সজাগতা সভাও অনুষ্ঠিত হয়| উক্ত সজাগতা সভাখনিত নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদেশ্যসমূহ আৰু প্ৰাধিকাৰীয়ে বৰ্তমান সমাজত কৰি অহা সমাজৰ দৰিদ্ৰ, নিজ পৰিয়ালৰদ্বাৰা নিৰ্যাতিত-নিপীড়িত আৰু দিব্যাংগ লোকসকলৰ প্ৰতি কৰি অহা উন্নয়নমূলক কামসমূহৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে৷

ছাত্র-ছাত্রীসকলক উদ্দেশ্যি পেনেল অধিবক্তা ৰূপালী গোস্বামীয়ে যৌন নিৰ্যাতন, নাৰী নিৰ্যাতনৰ বিষয়ত বহুলভাৱে ব্যাখ্যা আগবঢ়োৱাৰ ওপৰি পেনেল অধিৱক্তা জেছমিন বেগমে যান-বাহন আইন ১৯৮৮ৰ বিষয়ত ছাত্র-ছাত্রীসকলৰ আগত বিস্তৃত ব্যাখ্যা আগবঢ়ায়|

বিদ্যালয়ৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ বৰাই শলাগৰ শৰাই আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত ন্যায় সেৱা প্ৰাধিকাৰীৰ অৰ্ধ-আইনী সহায়ক ক্ৰমে দ্বীপেন শইকীয়া, পাপুমনি বৰা, বিতোপন কোঁৱৰ, আশ্বাদুল ইছলাম মুল্লা, মিচবা উদ্দিন ছোধুৰী আদি উপস্থিত থাকে|