নগাঁওঃ সৰ্ব ভাৰতীয় ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত সংস্থাৰ নগাঁও জিলা সমিতিখন দেওবাৰে গঠন কৰা হয়৷ এই মৰ্মে, নগাঁৱৰপৰা প্ৰকাশিত মাহেকীয়া আলোচনী ‘ৰণাংগণ’ৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হয়৷
গাম্ভীৰ্যপূৰ্ণ সভাখনত সৰ্ব ভাৰতীয় ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত সংস্থাৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক প্ৰকাশ বৰা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতসমূহে বিভিন্ন সময়ত কিদৰে নানা সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷