নগাঁওঃ সৰ্ব ভাৰতীয় ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত সংস্থাৰ নগাঁও জিলা সমিতিখন দেওবাৰে গঠন কৰা হয়৷ এই মৰ্মে, নগাঁৱৰপৰা প্ৰকাশিত মাহেকীয়া আলোচনী 'ৰণাংগণ'ৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হয়৷ 

গাম্ভীৰ্যপূৰ্ণ সভাখনত সৰ্ব ভাৰতীয় ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত সংস্থাৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক প্ৰকাশ বৰা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতসমূহে বিভিন্ন সময়ত কিদৰে নানা সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ 

এই সভাত সাংবাদিক সঞ্জীৱ বৰাক সভাপতি, জয়ন্ত বৰাক সম্পাদক আৰু ইয়াহইয়া আহমেদ বৰভূঞাক সাংগঠনিক সম্পাদক হিচাপে লৈ সৰ্বসন্মতিক্ৰমে সংস্থাৰ নগাঁও জিলা সমিতিখন গঠন কৰা হয়৷ সভাত সাংবাদিক মিন্টু দাস, মৃগেন কুমাৰ নাথ, দ্বীপেন শইকীয়া, দিলদাৰ হুছেইন, ৰিতুল শৰ্মা বৰপূজাৰীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷