![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/2b8ed077-daaf-40a6-a47f-0607a86dfcb5.jpg?itok=Wqex1f00)
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত অসম চৰকাৰৰ বন, পৰিৱেশ, আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শুকুৰবাৰে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
উক্ত বৈঠকত নগাঁও, হোজাই আৰু মৰিগাঁও জিলাৰ আবকাৰী, বন আৰু মীন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে উক্ত বৈঠকত এই তিনিটা বিভাগৰ বিষয়াসকলৰপৰা উক্ত তিনিখন জিলাত ৰূপায়িত হৈ থকা আঁচনিসমূহৰ বিষয়ে বুজ লয়।
মন্ত্ৰীগৰাকীয়ে মীন বিভাগৰ বিষয়াসকলক বিভাগটোৱে ৰূপায়িত কৰি থকা আঁচনিসমূহৰ দ্বাৰা ৰাইজে যাতে উপকৃত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক অবৈধ চুলাই, অবৈধ ধাবা, আন আন ঠাইত অবৈধভাৱে সুৰা বিক্ৰীৰ কৰা বিপনীসমূহৰ বিৰুদ্ধে তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস আৰু নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া উপস্থিত আছিল।