newsnextone.com | নগাঁওঃ উত্তেজনাপূৰ্ণ হৈ পৰিছে বিশ্বকাপ ফুটবলৰ প্ৰতিখন মেচ৷ প্ৰতিখন মেচৰ প্ৰতিটো মুহূৰ্তই শিহৰিত কৰি তোলে প্ৰতিজন ফুটবলপ্ৰেমীক৷ সৃষ্টি হয় শ্বাসৰুদ্ধকাৰ পৰিবেশ৷ সীমাৰ পৰিধি ভাঙি সৰ্বত্ৰে জনপ্ৰিয়তাৰ তুংগত থকাৰ বাবেই বিশ্বকাপ ফুটবলক লৈ বহুদিনৰ আগৰে পৰাই অসমৰ নগৰ-চহৰৰ কথা বাদেই গাঁৱে-ভূঁঞে আৰম্ভ হৈছিল ফুটবলৰ চৰ্চা৷ ক’ব পাৰি ফুটবল জ্বৰ বুলিয়েই৷
কাৰণ এক-ডেৰ মাহ আগৰে পৰা এই পৰ্যন্ত ফুটবলৰ আলোচনাই সকলোতে প্ৰাধান্য লাভ কৰা দেখিবলৈ পোৱা গৈছে৷ সৰ্বত্ৰে মাথোন ফুটবলৰ উন্মাদনা৷ ইফালে,প্ৰতি মুহূৰ্ততে উত্তেজনাৰে ভৰ-পূৰ এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰা প্ৰতিটো দলেই মৰণ-পণ যুঁজেৰে বিপক্ষ দলৰ ওপৰত জপিয়াই পৰিছে৷ প্ৰত্যেকটো দলেৰে লক্ষ্য এটাই ফুটবলৰ শ্ৰেষ্ঠ্যতাৰ খিতাপটো অৰ্জন কৰা৷