51
নগাঁওঃ সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সোমবাৰে নগাঁও জিলাৰ বটদ্ৰৱাৰ ধনীয়াভেটিত পিষ্টলসহ এজন লোকক আৰক্ষীয়ে অাটক কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে, জিলা উপ-অাৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বটদ্ৰৱা অাৰক্ষীৰ সহযোগত এক গোপন সূত্ৰৰ আঁত ধৰি অভিযান চলাই ধুনীয়াভেটিৰপৰা আটক কৰে মজিবুৰ ৰহমান নামৰ দুৰ্ধৰ্ষ অপৰাধীটোক।